উত্তৰ প্ৰদেশৰ কাছগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গংগা স্নানৰ বাবে গৈ থকা ভক্তৰে ভৰা এখন ট্ৰেক্টৰ পুখুৰীত বাগিৰ পৰাৰ ফলত ৭ টা শিশুসহ মুঠ ২০ জন লোকৰ মৃত্যু হয়।
অৱশ্যে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
জানিব পৰা অনুসৰি, সন্মুখৰ পৰা আহি থকা এখন বাহনক বচাবলৈ যোৱাৰ ফলতেই ভক্তৰে ভৰা ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে।
এই ঘটনাটোত আন চাৰিটা শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত পতিত হোৱা আটাইবোৰ লোক জেথৰা থানা এলেকাৰ চোটে কচা গাঁৱৰ বাসিন্দা।
ইফালে এই দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুখ প্ৰকাশ কৰি মৃত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তদুপৰি জিলা প্ৰশাসনক সকলো প্ৰকাৰ সহায়-সহযোগিতা আগবঢ়াবলৈও আহ্বান জনায়।