কাৰ্বি আংলঙত নিশা আৰক্ষীৰ অভিযান; অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ তিনিজন

কাৰ্বি আংলং জিলাত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। দেওবাৰে এই কথা প্ৰকাশ কৰে আৰক্ষীয়ে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ডিফুত শনিবাৰে নিশা অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়নমণি বৰ্মনৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় লোক কেইজন।

জেৰাৰ অন্তত অভিযুক্তই আৰক্ষীৰ দলটোক এখন বাঁহৰ বাৰীত অস্ত্ৰ-শস্ত্ৰ লুকুৱাই ৰখা ঠাইলৈ লৈ যায় বুলি এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

প্লাষ্টিকৰ পেকেটত মেৰিয়াই থোৱা এই অস্ত্ৰসমূহৰ ভিতৰত আছে মেগজিনসহ এ কে ছিৰিজৰ ৰাইফল, তিনিটা পিষ্টল আৰু তিনিটা লাইভ হেণ্ড গ্ৰেনেডৰ লগতে দুটা মোবাইল ফোন।

১৯৫৯ চনৰ অস্ত্ৰ আইনৰ বিভিন্ন ধাৰাত গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ বিৰুদ্ধে ডিফু থানাত এটা গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ পৰিচয় বা কোন সংগঠনৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই।​

Comments (0)
Add Comment