নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত তিনি মাওবাদীৰ মৃত্যু, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

চত্তীশগড়ৰ কাংকেৰ জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত হোৱাৰ খবৰ আহিছে। আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা জানিব দিয়ে।

জিলা ৰিজাৰ্ভ গাৰ্ড আৰু বি এছ এফৰ এটা যুটীয়া দলে মাওবাদী বিৰোধী অভিযান চলোৱাৰ সময়তে কোয়লীবেড়া অঞ্চলৰ জংঘলত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয় বুলি জানিবলৈ দিয়ে কাংকেৰৰ আৰক্ষী অধীক্ষক ইন্দিৰা কল্যাণে।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি, সংঘৰ্ষস্থলৰ পৰা এতিয়ালৈকে তিনিটা মৃতদেহৰ লগতে বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। যুটীয়া অভিযানকাৰী দলটোৱে অঞ্চলটোত এতিয়াও অভিযান চলাই আছে।

উল্লেখ্য যে, আটাইতকৈ মাওবাদীৰ প্ৰভাৱ থকা দ্বিতীয়খন ৰাজ্য হৈছে চত্তীশগড়। গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাজ্যখনৰ ১৪ খন জিলাত মাওবাদীৰ যথেষ্ট প্ৰভাৱ আছে আৰু সময়ে সময়ে এই অঞ্চলসমূহত হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ আহিছে।

তথ্য অনুসৰি, এই অঞ্চলসমূহত মাওবাদীয়ে চলোৱা আক্ৰমণত গড় হিচাপত প্ৰতি বছৰে ৪৫ গৰাকীকৈ জোৱান শ্বহীদ হয়। 

Comments (0)
Add Comment