টি-২০ ৰেংকিঙৰ শীৰ্ষ ২ নম্বৰত থকা বলাৰৰ ওপৰত নিষেধাজ্ঞা আই চি চিৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শ্ৰীলংকাৰ টি-২০ দলৰ অধিনায়ক ৱানিন্দু হাছাৰাংগাক দুখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। আফগানিস্তানৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাৰ তৃতীয়খন মেচৰ অন্তত তেওঁ আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

আইচিচিয়ে ইয়াক আচৰণ বিধি উলংঘা বুলি গণ্য কৰি খেলুৱৈজনক মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহে আৰু খেলুৱৈজনৰ একাউণ্টত তিনিটা ডিমেৰিট পইণ্ট যোগ কৰে। এই তিনিটা ডিমেৰিট পইণ্টৰ সৈতে ২৪ মাহৰ ভিতৰত তেওঁৰ মুঠ ডিমেৰিট পইণ্ট পাঁচলৈ বৃদ্ধি পায়, যাৰ বাবে ৱানিন্দু হাছাৰাংগাক দুখন মেচৰ বাবে নিষিদ্ধ কৰা হৈছে।

উল্লেখ্য যে, আই চি চিৰ এই সিদ্ধান্ত অনুসৰি, হাছাৰাংগাই এখন টেষ্ট মেচ বা দুখন এদিনীয়া বা টি-২০ খেলিব নোৱাৰিব। অৰ্থাত তিনিওটা ফৰ্মেটৰ ভিতৰত যিটো প্ৰথমে আহে।

অহা মাহত বাংলাদেশৰ বিৰুদ্ধে টি-২০ ছিৰিজ খেলিব লাগিব শ্ৰীলংকাই আৰু হাছাৰাংগা নিষেধাজ্ঞাৰ বাবে এই শৃংখলাৰ প্ৰথম দুখন মেচ খেলিব নোৱাৰিব।

Comments (0)
Add Comment