ফটকা কাৰখানাত পুনৰ ভয়ংকৰ বিস্ফোৰণ। দেওবাৰে উত্তৰ প্ৰদেশৰ কৌশম্বিস্থিত এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত কমেও ৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
ঘটনাস্থলত এতিয়াও বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ বহু দূৰলৈকে শুনা গৈছিল বুলি জনাই স্থানীয় লোকে।
সম্পূৰ্ণকৈ জ্বলি যোৱা কাৰখানাটোৰ পৰা ১০ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও তেওঁলোক অতি সংকটজনক অৱস্থাত চিকিসাধীন হৈ আছে।
বিস্ফোৰণৰ পিছতেই ঘটনাস্থলত আৰক্ষী-প্ৰশাসনৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে।
ইফালে, এই ভয়ংকৰ ঘটনাটোৰ কথা জানিব পাৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতকৰ শোক সন্তপ্ত আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰে। তদুপৰি সকলো তথ্য আহৰণ কৰিবলৈ তথা পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থললৈ শীৰ্ষ বিষয়াক ৰাওনা হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে।