আন এক সফলতা; নিৰাপত্তাৰক্ষীৰ গুলীত চাৰিজন মাওবাদীৰ মৃত্যু

মঙলবাৰে চত্তীশগড়ৰ বীজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৪ গৰাকী মাওবাদী নিহত হৈছে। জাংলা আৰক্ষী থানাৰ অন্তৰ্গত এখন জংঘলত সংঘটিত হৈছিল এই সংঘৰ্ষ।

জানিব পৰা মতে, মাও অধ্যুষিত অঞ্চলটোত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু চি আৰ পি এফৰ যুটীয়া অভিযানকাৰী দলে নিয়মীয়া তালাচী অভিযান চলোৱাৰ সময়তে এই সংঘৰ্ষটো সংঘটিত হৈছিল।

নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানকাৰী দলটো তুংগালী গাঁৱৰ জংঘলত উপস্থিত হোৱাৰ লগে লগে লুকাই থকা মাওবাদীৰ দলটোৱে অতৰ্কিতে গুলীচালনা কৰে।

ইয়াৰ লগে লগে প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীৰ দলটোৱেও মাওবাদীক লক্ষ্য কৰি গুলীবৰ্ষণ আৰম্ভ কৰে। দুয়ো পক্ষৰ মাজত কিছু সময় চলা গুলীবৰ্ষণৰ পিছত ঘটনাস্থলৰ পৰা মাওবাদীৰ দলটো পলায়ন কৰে।

গুলীবৰ্ষণ বন্ধ হোৱাত নিৰাপত্তাৰক্ষীৰ দলটোৱে ঘটনাস্থলৰ পৰা চাৰিজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। অঞ্চলটোত এতিয়াও অব্যাহত আছে তালাচী অভিযান। 

Comments (0)
Add Comment