সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে বাবা ৰামদেৱ নেতৃত্বাধীন পতঞ্জলি প্ৰতিষ্ঠান। আয়ুৰ্বেদ প্ৰতিষ্ঠানটোৱে কৰা স্বাস্থ্য সম্বন্ধীয় সামগ্ৰীৰ সকলো বিজ্ঞাপনক বিভ্ৰান্তিকৰ আৰু ভুল বুলি মন্তব্য কৰি এই সমূহত নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।
ভাৰতৰ জনপ্ৰিয় আয়ুৰ্বেদ ব্ৰেণ্ডটোৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ আৰু ভুৱা বিজ্ঞাপনৰ অভিযোগ উত্থাপন হৈছে।
প্ৰমাণভিত্তিক চিকিৎসা বিজ্ঞানৰ বদনাম কৰাৰ অভিযোগ তুলি বাবা ৰামদেৱ আৰু পতঞ্জলি আয়ুৰ্বেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ভাৰতীয় চিকিৎসা সংস্থাই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে।
লগতে উচ্চতম ন্যায়ালয়ে পতঞ্জলি আয়ুৰ্বেদ আৰু আচাৰ্য বালাকৃষ্ণনলৈ “বিভ্ৰান্তিকৰ” বিজ্ঞাপন প্ৰকাশৰ লগত জড়িত থকাৰ বাবে অৱমাননাৰ জাননী প্ৰেৰণ কৰিছে।
অৱমাননা জাননীৰ উত্তৰ দিবলৈ আদালতে কোম্পানী আৰু বালাকৃষ্ণনক তিনি সপ্তাহৰ সময়সীমা বান্ধি দিছে।
সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ এ আমানুল্লাহ বিচাৰপীঠে পূৰ্বৰ নিৰ্দেশনাসমূহ পালন নকৰাৰ বাবেও কোম্পানীটোক সমালোচনা কৰে। কোম্পানীটোৰ বিজ্ঞাপনসমূহ বন্ধ কৰিবলৈ যোৱা বছৰেই নিৰ্দেশ প্ৰদান কৰিছিল আদালতে।
বিগত বৰ্ষৰ নৱেম্বৰ মাহত আদালতে কৈছিল যে, যদিহে এই নিৰ্দেশনা অমান্য কৰে তেন্তে তদন্তৰ অন্তত কোম্পানীটোৰ সকলো সামগ্ৰীৰ ওপৰত ১ কোটি টকাকৈ জৰিমনা বিহা হ’ব।
পূৰ্বৰ নিৰ্দেশৰ উদ্ধৃতি দি বিচাৰপীঠে কয়, ‘আদালতৰ সতৰ্কবাণীৰ পিছতো আপোনালোকে কৈ আছে যে আপোনালোকৰ ঔষধ কেমিকেল-যুক্ত ঔষধতকৈ শ্ৰেষ্ঠ?’
এই সন্দৰ্ভত আদালতে আয়ুষ মন্ত্ৰালয়কো প্ৰশ্ন কৰে যে বিজ্ঞাপন সন্দৰ্ভত কোম্পানীটোৰ বিৰুদ্ধে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে।
এই প্ৰশ্নৰ উত্তৰত চৰকাৰৰ হৈ এএছজীয়ে কয় যে, এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি থকা হৈছে। কেন্দ্ৰ চৰকাৰৰ এই উত্তৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আদালতে কোম্পানীৰ বিজ্ঞাপন সমূহ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।