গুজৰাট টাইটানছত মহম্মদ ছামীৰ ঠাই কোনে ল’ব? চৰ্চাত দুগৰাকী খেলুৱৈ

সফলতাৰে সম্পন্ন হৈ গ’ল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছামীৰ গোৰোহাৰ অস্ত্ৰোপচাৰ। ইয়াৰ পিছতে তেওঁ শীঘ্ৰে সুস্থ হৈ খেলপথাৰলৈ উভতি অহাৰ কামনা কৰিছে অনুৰাগীসকলে।

আঘাতৰ বাবে আই পি এলৰ ২০২৪ ছিজনৰ বাবে ইতিমধ্যেই বাহিৰ হৈছে মহম্মদ ছামী। গুজৰাট টাইটানছে এতিয়া ছামীৰ ঠাইত কোন খেলুৱৈক অন্তৰ্ভুক্ত কৰিব তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।

ইয়াৰ মাজতে চৰ্চাত আহিছে দুজন খেলুৱৈৰ নাম। ইয়াৰে এজন হৈছে কমলেশ নাগৰকোটি আৰু আনজন হৈছে বচিল থাম্পী।

কমলেশ নাগৰকোটি

গুজৰাট টাইটানছৰ মহম্মদ ছামীৰ ঠাইত আই পি এল ২০২৪ৰ বাবে দলত অন্তৰ্ভুক্ত কৰিব পাৰে যুৱ প্ৰতিভাৱান বেগী বলাৰ কমলেশ নাগৰকোটিক। কমলেশ এজন প্ৰতিভাৱান বেগী বলাৰ আৰু দলৰ মহম্মদ ছামীৰ শূন্যতা বহু পৰিমাণে পূৰণ কৰাৰ ক্ষমতা আছে। অৱশ্যে ২০২২ চনত আই পি এলৰ অন্তিমখন খেল খেলিছিল কমলেশ নাগৰকোটিয়ে। এই পৰ্যন্ত আই পি এলত খেলা ১২খন খেলত ৫টা উইকেট দখল কৰিছে।

বচিল থাম্পী

মহম্মদ ছামীৰ অনুপস্থিতি পূৰণৰ বাবে বচিল থাম্পীও দক্ষ বিকল্প হ’ব পাৰে। বচিলে ২০২২ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলৰ অন্তিমখন খেল খেলিছিল। এনে পৰিস্থিতিত ছামীৰ অনুপস্থিতিত গুজৰাট টাইটানছৰ দলে বচিলক সুযোগ দিয়াৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰিব পাৰে।

উল্লেখ্য যে, আই পি এল ২০২৪ত গুজৰাট টাইটানছক নেতৃত্ব দিব যুৱ খেলুৱৈ শুভমন গিল। হাৰ্দিক পাণ্ডিয়া পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ যোৱাৰ পিছত গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শুভমন গিলক।

Comments (0)
Add Comment