লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা আম আদমি পাৰ্টীয়ে দিল্লীৰ চাৰিটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। নতুন দিল্লীৰ পৰা সোমনাথ ভাৰতীয়ে, দক্ষিণ দিল্লীৰ পৰা সহী ৰাম পহলৱানে, পূব দিল্লীৰ পৰা কুলদীপ কুমাৰে আৰু পশ্চিম দিল্লীৰ পৰা মহাবল মিশ্ৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
ইফালে হাৰিয়ানাৰ কুৰুক্ষেত্ৰ লোকসভা সমষ্টিৰ পৰা সুশীল গুপ্তাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কিছু দিন পূৰ্বে ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যকাল অন্ত পৰিছিল সুশীল গুপ্তাৰ।
দলটোৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে এক সংবাদমেলৰ জৰিয়তে প্ৰাৰ্থী কেইগৰাকীৰ নাম ঘোষণা কৰে।
উল্লেখ্য কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মাজত হোৱা আলোচনাৰ পিছতেই দিল্লীত দুয়োটা দলে একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্ত মৰ্মে আম আদমি পাৰ্টীয়ে চাৰিটা আৰু কংগ্ৰেছ দলে তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।