মদ খাবলৈ পইচা নিদিয়াৰ বাবেই মাতৃক গুলীয়ালে পাষাণ পুত্ৰই

মদ খোৱাৰ বাবে পইচা দিবলৈ অস্বীকাৰ কৰাৰ বাবে পুত্ৰই গুলীয়াই আঘাত কৰে ৪১ বছৰীয়া মাতৃক। শনিবাৰে সন্ধিয়া ওড়িশাৰ নয়াগড় জিলাৰ কলাসাখানা গাঁৱত সংঘটিত হয় এই ঘটনা।

প্ৰাপ্ত বাতৰি অনুসৰি,শনিবাৰে মদ্যপান কৰি ঘৰত প্ৰৱেশ কৰিছিল সুশান্ত নামৰ অভিযুক্তজন। মদ্যপান কৰি সুশান্তই মাতৃ দুহিতা প্ৰধানক সুৰা কিনিবলৈ ধন দাবী কৰে।

মাতৃয়ে ধন দিবলৈ অমান্তি হোৱাত সুশান্তই বন্দুকেৰে মাতৃক গুলীচালনা কৰে। বন্দুকৰ গুলী আৰু মাতৃৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়া উপস্থিত হয় সেই স্থানত। কিন্তু তেতিয়ালৈ সুশান্তই বন্দুক এৰি ঘৰৰ পৰা পলায়ন কৰে।

ইয়াৰ পিছত ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ মাতৃক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অভিযুক্ত সুশান্তকো আৰক্ষীয়ে আটক কৰি আৰম্ভ কৰিছে তদন্ত।

অভিযুক্তৰ ভাতৃ সাগৰে জনোৱা মতে, প্ৰায়ে মদ্যপান কৰি ঘৰত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে সুশান্তই। মাতৃক সুৰা কিনিবলৈ প্ৰায়ে ধন দাবী কৰে আৰু মাতৃয়ে ধন নিদিলে ভয়াবহ পৰিণতিৰ ভাবুকি দিয়ে সুশান্তই।

Comments (0)
Add Comment