১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত ডাঙৰ ৰায়দান দি মূল অভিযুক্ত আব্দুল কৰিম টুণ্ডাক দোষমুক্ত কৰিলে ৰাজস্থান আদালতে। ৰাজস্থানৰ আজমেৰৰ টাডা আদালতে এই সিদ্ধান্ত প্ৰদান কৰে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ ৩১ বছৰৰ পাছত আদালতে এই সিদ্ধান্ত দিয়ে।
আদালতৰ এই সিদ্ধান্ত সন্দৰ্ভত অধিবক্তা ছফকাত চুলতানীয়ে কয়, ‘আব্দুল কৰিম টুণ্ডা নিৰ্দোষী, আজি আদালতে এই সিদ্ধান্ত প্ৰদান কৰে। আব্দুল কৰিম টুণ্ডাক সকলো শাখা আৰু সকলো আইনৰ পৰা দোষমুক্ত কৰা হৈছে’।
চিবিআইৰ বিচাৰ বিভাগে টাডা, আইপিচি, ৰে’লৱে আইন, অস্ত্ৰ আইন বা বিস্ফোৰক পদাৰ্থ আইনৰ অধীনত আদালতৰ সন্মুখত কোনো সুনিৰ্দিষ্ট প্ৰমাণ দাখিল কৰিব নোৱাৰিলে বুলি জনায় চুলতানীয়ে।
তেওঁ কয়, ‘আমি আৰম্ভণিৰে পৰাই কৈ আহিছিলো যে আব্দুল কৰিম টুণ্ডা নিৰ্দোষী। ইৰফান আৰু হামিদুদ্দিনক দোষী সাব্যস্ত কৰা হৈছে আৰু শীঘ্ৰে তেওঁলোকক শাস্তি প্ৰদান কৰা হ’ব।‘