টিকটৰ পৰা বঞ্চিত হ’ল অসমৰ পাঁচগৰাকী সাংসদ

বহু জল্পনা-কল্পনাৰ অন্তত আজি বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে ঘোষণা কৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট এই তালিকাত বৰ্তমানৰ বহু সাংসদে হেৰুৱালে প্ৰাৰ্থিত্ব।

বিশেষকৈ অসমৰ ১১ টা সমষ্টিৰ বাবে ঘোষণা কৰা বিজেপিৰ তালিকাত নাম নাই বৰ্তমানৰ পাঁচগৰাকী সাংসদৰ।

এই সাংসদ কেইগৰাকী হৈছে গুৱাহাটীৰ কুইন ওজা, ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলী, শিলচৰৰ ৰাজদ্বীপ ৰয়, তেজপুৰৰ সাংসদ পল্লব লোচন দাস আৰু ডিফুৰ হৰেণ সিং বে’।

এই পাঁচটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত দলে নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটীত বিজুলী কলিতা মেধী, তেজপুৰৰ পৰা ৰঞ্জিত দত্ত, শিলচৰৰ পৰা ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ডিফুৰ পৰা অমৰ সিং টিচুক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

আনহাতে চৰ্চা অনুসৰি, ডিব্ৰুগড়ৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

ইফালে, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদকো এইবাৰৰ লোকসভা নিৰ্বাচনত টিকট প্ৰদান কৰিছে। তেওঁক কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তাছাই।

Comments (0)
Add Comment