১৮ জুলাইত বিবাহ-পাশত আৱদ্ধ হব ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু উদ্যোগপতি বীৰেণ মাৰ্চেন্টৰ কন্যা ৰাধিকা মাৰ্চেন্ট। সেই উপলক্ষ্যে ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ গুজৰাটৰ জামনগৰত আয়োজন কৰা হৈছে প্ৰাক বিবাহ অনুষ্ঠান।
এই বিবাহক কেন্দ্ৰ কৰি উখল-মাখল পৰিৱেশ গুজৰাটৰ জামনগৰত। দেশ-বিদেশৰ বহু নামী দামী তাৰকা চেলিব্ৰিটীৰে ভৰি পৰিছে জামনগৰ। বিবাহ অনুষ্ঠানৰ বাবে জামনগৰ বিমানবন্দৰত নামিছে VIP, VVIP। দেশী-বিদেশী অতিথিৰ বাবে ইয়াত প্ৰদৰ্শিত হৈছে ভিন্ন অনুষ্ঠান।
অনন্ত আম্বানীৰ প্ৰাক বিবাহ কাৰ্যসূচীৰ ভিন্ন সময়ৰ অনুষ্ঠানৰ ভিন্ন নাম নিৰ্ধাৰণ কৰি দিয়া হৈছে। অনুষ্ঠানৰ বাবে নিৰ্ধাৰণ কৰা হৈছে পৃথকে পৃথকে ড্ৰেছ ক’ড।
জামনগৰৰ ৰিলায়েন্স গ্ৰীনছ কমপ্লেক্সত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰায় ২০০০ অতিথিয়ে। বলীউদ-হলীউদ, ৰাজনীতিৰ পৰা বাণিজ্য ক্ষেত্ৰলৈকে বহু নামী দামী চেলিব্ৰীটিয়ে অংশ ল’লে অনুষ্ঠানত।
তেওঁলোকৰ ভিতৰত আছে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটচ, মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ, ডিজনীৰ চিইঅ’ বব ইগমাৰ, মৰগান ষ্টেনলিৰ চিইঅ’ টেড পিক, বেংক অৱ আমেৰিকাৰ অধ্যক্ষ ব্ৰায়ান থমাছ মইনিহাম, ব্লেকষ্টনৰ অধ্যক্ষ ষ্টিফেন চুৱাৰজমেনৰ লগতে বিশ্ব বাণিজ্যৰ বহু প্ৰখ্যাত ব্যক্তি।
ইয়াৰ উপৰি, বলীউদৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং, ৰণবীৰ কাপুৰ, দীপিকা পাডুকন, মাধুৰী দিক্ষীত, ৰিতেশ দেশমুখ, আলিয়া ভাট, কৰীণা কাপুৰ, অজয় দেৱগণ, ছলমান খান, অভিষেক বচ্চন, সুনীল শেট্টী, অৰ্জুন কাপুৰ, অনিল কাপুৰ আদি। ছবি নিৰ্মাতা বিধো বিনোদ ছোপ্ৰাকো দেখা পোৱা গৈছে অনুষ্ঠানত।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আমেৰিকাৰ গায়ক জে ব্ৰাউন আৰু জনপ্ৰিয় ৰেপাৰ নিকি মিনাজৰ মিউজিকেল ডিৰেক্টৰ আডাম ব্লেকষ্টোনে। ইয়াৰ উপৰি অৰিজিত সিং, অজয় অতুল আদি ভাৰতীয় সংগীতজ্ঞসকলে সংগীত পৰিৱেশন কৰিব অনুষ্ঠানত।
ছুইদেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কাৰ্ল বিল্ড, কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টীৱন হাৰ্পৰ, গুগলৰ অধ্যক্ষ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেৱিন ৰণ উপস্থিত হৈছেহি জামনগৰত।
আনফালে তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মা, শচীন তেণ্ডুলকাৰকো পত্নীসহ দেখা গ’ল অনুষ্ঠানত।