ডিভাইডাৰত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ; দুজন MBBS ছাত্ৰৰ মৃত্যু

উত্তৰ প্ৰদেশৰ ফতেহগঞ্জ পশ্চিমত বুধবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৰাজশ্ৰী কলেজত অধ্যয়ণৰত এম বি বি এছ অন্তিম বৰ্ষৰ দুজন ছাত্ৰৰ মৃত্যু হয়। দুৰ্ঘটনাটোত আন দুজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ আহত ছাত্ৰ দুজনক হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে মৃত ছাত্ৰ দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, বুধবাৰে নিশা প্ৰায় ১১ বাজি ৪০ মিনিটত এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত প্ৰচণ্ড জোৰত খুন্দা মাৰে। সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল বাহনখন পথৰ ইপাৰৰ পৰা সিপাৰলৈ গৈ এটা খুঁটাত খুন্দা মাৰে।

এই ঘটনাত দীপক আৰু ৰাহুল নামৰ ছাত্ৰ দুজনৰ থিতাতে মৃত্যু হয় আৰু বাকী দুজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, ছাত্ৰ কেইজনে গাড়ীৰে নিজৰ থকা ঠাইলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

Comments (0)
Add Comment