‘এক দেশ এক নিৰ্বাচন’ৰ সপক্ষে আৰু বিপক্ষে কোন? কি আছে প্ৰতিবেদনত…

এক দেশ এক নিৰ্বাচন সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক প্ৰদান কৰিলে প্ৰতিবেদন। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত হোৱা চাৰিজনীয়া সদস্যৰ সমিতিখনে বৃহস্পতিবাৰে এই প্ৰতিবেদন প্ৰদান কৰে।

১৮৬২৬ পৃষ্ঠাৰ এই প্ৰতিবেদনত কোৱা হৈছে যে ২০২৯ৰ পৰা দেশত প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। ইয়াৰ পিছত ১০০ দিনৰ ভিতৰত দ্বিতীয় পৰ্যায়ত স্থানীয় নগৰ নিকায় নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।

কোবিন্দ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে এক দেশ এক নিৰ্বাচনক ১৫টা ৰাজনৈতিক দলৰ লগতে উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু এজন প্ৰাক্তন ৰাজ্যিক নিৰ্বাচন আয়ুক্তই বিৰোধিতা কৰিছে।

বিৰোধিতা কৰাসকলৰ ভিতৰত আছে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজিত প্ৰকাশ শ্বাহ, মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জী আৰু কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গিৰীশ চন্দ্ৰ গুপ্তা। তামিলনাডুৰ নিৰ্বাচন আয়ুক্ত বি পলানীকুমাৰেও এক দেশ এক নিৰ্বাচনৰ বিৰোধিতা কৰিছে।

ইফালে সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়ধীশ দীপক মিশ্ৰা, ন্যায়াধীশ য়ুয়ু ললিত আৰু ন্যায়াধীশ শৰদ অৰবিন্দ ববডেই এক দেশ এক নিৰ্বাচনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পিছত এই প্ৰতিবেদন কেবিনেটৰ ওচৰত দাখিল কৰা হ’ব। ইয়াৰ পিছত আইন আয়োগৰ পৰামৰ্শ অনুসৰি সংবিধানত নতুন ধাৰা সংযোজন কৰিব আইন মন্ত্ৰালয়ে। ইয়াৰ পিছত সংসদৰ দুয়োটা সদনত ইয়াক গৃহীত কৰা হ’ব।

ৰাজ্যৰ বিধানসভা সমূহতো প্ৰস্তাৱ গৃহীত কৰাৰ পৰামৰ্শ দিয়া হ’ব, যাতে ২০২৯ চনৰ পৰা লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব পাৰে।

Comments (0)
Add Comment