সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি!

আমোলা সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক দেশৰ পৰৱৰ্তী নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত কৰা হৈছে। নিৰ্বাচন আয়ুক্ত পেনেলৰ সদস্য তথা বিৰোধী কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এই দাবী কৰিছে।

দুয়োগৰাকী আমোলাক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন পেনেলে। এই পেনেলত গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীও আছে।

নিৰ্বাচন আয়ুক্তৰ বাছনি পেনেলক লৈ অৱশ্যে ক্ষোভ প্ৰকাশ কৰে অধীৰ ৰঞ্জন চৌধুৰীয়ে। পেনেলত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা থকাৰ বাবে তেওঁলোকৰ ইচ্ছামতেই নিযুক্ত হোৱা বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

উল্লেখ্য যে সুখবীৰ সন্ধু আৰু জ্ঞানেশ কুমাৰ ১৯৮৮-বেচ্চৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া। আনহাতে সন্ধু আই এ এছৰ উত্তৰাখণ্ড কেডাৰৰ, কুমাৰ কেৰেলাৰ কেডাৰৰ।

ইয়াৰ পূৰ্বে সন্ধুৱে উত্তৰাখণ্ডৰ মুখ্য সচিব, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধ্যক্ষকে ধৰি গুৰুত্বপূৰ্ণ চৰকাৰী পদত অধিষ্ঠিত হৈছিল। কুমাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু অমিত শ্বাহৰ নেতৃত্বত সহযোগিতা মন্ত্ৰালয়ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

উল্লেখ্য যে, নিৰ্বাচন আয়ুক্ত নিযুক্তি পেনেল গঠনৰ আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ অনুষ্ঠিত হ’ব। শুনানিৰ এদিন পূৰ্বে নিৰ্বাচন আয়ুক্ত নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Comments (0)
Add Comment