অসুস্থ মহানায়ক অমিতাভ বচ্চন; মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি

বলীউডৰ মহানায়ক অমিতাভ বচ্চনৰ এঞ্জিওপ্লাষ্টি কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে পুৱা ৬ বজাত কান্ধৰ সমস্যাৰ বাবে মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হয় ৮১ বছৰীয়া অভিনেতাগৰাকীক।

অৱশ্যে এই সন্দৰ্ভত অমিতাভ বচ্চন বা তেওঁৰ দলৰ পৰা এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। কিন্তু অভিনেতাজনৰ অৱস্থা সুস্থিৰ বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে, শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ভৰিত আঘাত পাইছিল। ইয়াৰ মাজতে আজি খবৰ আহিছে যে তেওঁক কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এই সকলোবোৰৰ মাজতে অমিতাভ বচ্চনেও নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা এটা টুইট কৰিছে। অভিনেতাগৰাকীয়ে নিজৰ টুইটত লিখিছে, ‘আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ’।

শেহতীয়াকৈ অমিতাভ বচ্চনে তেওঁৰ ভৰিৰ আঘাতৰ কথা ৰাজহুৱা কৰিছিল। কিন্তু অভিনেতা বা চিকিৎসালয়ৰ দলে এঞ্জিওপ্লাষ্টিৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ নিয়মীয়া চেকআপৰ বাবে চিকিৎসালয়লৈ গৈছিল আৰু তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি কোৱা হৈছে।

Comments (0)
Add Comment