উত্তৰ চীনৰ ছানচি প্ৰদেশৰ কয়লা খনিত সংঘটিত দুৰ্ঘটনাত মৃত্যু হৈছে ৭ জন শ্ৰমিকৰ। শুকুৰবাৰে স্থানীয় বিষয়াসকলে এই তথ্য প্ৰদান কৰে।
কাউন্টি চৰকাৰৰ উদ্ধৃতিৰে ছিনহুয়াৰ সংবাদ সংস্থাই জনোৱা মতে, শুকুৰবাৰে পুৱা ৬:২৩ বজাত অন্তিমটো মৃতদেহ খনিৰ পৰা উদ্ধাৰ কৰা হয়।
ঝংয়াং কাউন্টিৰ টাওয়ুয়ান চিনলং কয়লা ঔদ্যোগিক নিগমৰ খনিত সংঘটিত হয় এই দুৰ্ঘটনা।
নিশা ১০:৪৫ বজাত কয়লাৰ খনিৰ গুদামটো ভাঙি পৰে। খনিৰ মুৰব্বী গাও নাইচুনে কয় যে সোমবাৰে ভাঙি যোৱা কয়লা ফিডাৰ মেৰামতি কৰি থকা অৱস্থাত ৭ জন শ্ৰমিকৰ ওপৰত কয়লা ভাঙি পৰে। বিষয়টোৰ তদন্ত চলি থকা বুলিও তেওঁ কয়।
উল্লেখ্য যে, চীনৰ বিভিন্ন প্ৰান্তত কয়লা খনি ভাঙি শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনা প্ৰায়েই সংঘটিত হৈ থাকে।