বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এগৰাকী মহিলাৰ চাঞ্চল্যকৰ অভিযোগ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আলোড়নৰ সৃষ্টি হৈছে কৰ্ণাটকৰ ৰাজনীতিত। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা বি এছ য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে উত্থাপন হৈছে নাবালক কন্যাক যৌন নিৰ্যাতন চলোৱাৰ চাঞ্চল্যকৰ অভিযোগ।

সদাশিৱনগৰ আৰক্ষীয়ে য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে POCSO আইনৰ অধীনত এফআইআৰ ৰুজু কৰে। এই ভয়ংকৰ অভিযোগৰ পিছতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিজেপি নেতাগৰাকীয়ে কয়, ‘মই জানো যে এগৰাকী মহিলাই মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। মহিলাগৰাকী এবাৰ অন্যায়ৰ অভিযোগ লৈ মোৰ ওচৰলৈ আহিছিল। আনকি তেওঁৰ অভিযোগৰ ওপৰত আৰক্ষীৰ সৈতে কথাও পাতিছিলো যাতে কিছু সহায়ৰ ব্যৱস্থা কৰিব পৰা যায়। সেইটোৱে ভুলকৈ লোৱা হৈছে’।

য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছত কৰ্ণাটক চৰকাৰৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰৰ মন্তব্যও পোহৰলৈ আহিছে।

তেওঁ কয়, ‘বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত বি এছ য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। এই বিষয়টো ৰাজনীতিৰ সৈতে জড়িত নহয়। যেতিয়ালৈকে আমি সমগ্ৰ বিষয়টোৰ সত্যতা নাজানো তেতিয়ালৈকে একো প্ৰকাশ কৰিব নোৱাৰি। এইটো এটা স্পৰ্শকাতৰ বিষয় কাৰণ ইয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাম জড়িত হৈছে। ইয়াত কোনো ৰাজনৈতিক এংগল আছে বুলি মই বিশ্বাস নকৰো। অভিযোগকাৰীৰ ফালৰ পৰা নিৰাপত্তাৰ দাবী জনালে তেওঁক নিৰাপত্তা দিয়া হ’ব’।

উল্লেখ্য যে, এই সমগ্ৰ বিষয়টো ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে দাখিল কৰা এজাহাৰত কোৱা হৈছে যে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে নাবালিকাগৰাকীক বলপূৰ্বকভাৱে কোঠালৈ টানি নি যৌন নিৰ্যাতন চলাইছিল। সহায় বিচাৰি যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হোৱা বুলিও এজাহাৰত উল্লেখ কৰে।

Comments (0)
Add Comment