২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৪ৰ প্ৰথম পৰ্যায়ৰ মেচ। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে প্ৰকাশ কৰিছে প্ৰথম ২১খন খেলৰ সূচী।
একে সময়তে এতিয়া জল্পনা-কল্পনা আৰম্ভ হৈছে যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আই পি এলৰ দ্বিতীয় পৰ্যায়ৰ মেচসমূহ ভাৰতৰ বাহিৰত অনুষ্ঠিত হ’ব পাৰে।
টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে ২০২৪ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ আইপিএল ডুবাইত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।
উল্লেখ্য যে, ১৬ মাৰ্চ অৰ্থাত আজি বিয়লি ৩ বজাত ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব। নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে বিচিচিআইয়ে দ্বিতীয় পৰ্যায়ৰ আইপিএলৰ সূচী ঘোষণা কৰিব।
নাম প্ৰকাশত অনিচ্ছুক বিচিচিআইৰ এজন বিষয়াই সংবাদ মাধ্যমত কয়, ‘ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে বিয়লি ৩ বজাত নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব। ইয়াৰ পিছত বিচিচিআইয়ে আইপিএল ডুবাইলৈ স্থানান্তৰিত কৰিব নে নকৰে সেইটো সিদ্ধান্ত ল’ব’।
এনে পৰিস্থিতিত এতিয়া লক্ষণীয় হ’ব যে কেতিয়া বিচিচিআইয়ে দ্বিতীয় পৰ্যায়ৰ আইপিএলৰ সূচী ঘোষণা কৰিব।