লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা হ’ল দিন। দেশত মুঠ ৭টা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি জনাইছে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে। ৫৪৩খন আসনৰ বাবে ১৯ এপ্ৰিল, ২৬ এপ্ৰিল, ৭ মে’, ১৩ মে’, ২০ মে’, ২৫ মে’ আৰু ১ জুনত হ’ব নিৰ্বাচন।
নিৰ্বাচনৰ অন্তৰ পিছত ৪ জুনত হ’ব ভোটগণনা।
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৫টা সমষ্টিত হ’ব ভোটদান।
প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হৈছে শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট আৰু কাজিৰঙা।
২৬ এপ্ৰিলত অসমৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। সমষ্টি কেইটা হৈছে, শিলচৰ, কৰিমগঞ্জ, দৰং-ওদালগুৰি, নগাঁও আৰু ডিফু। আনহাতে তৃতীয় পৰ্যায়ত অসমৰ বাকী চাৰি কেইটা সমষ্টিত হ’ব ভোটগ্ৰহণ। সমষ্টি কেইটা হৈছে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ।