ইজৰাইলী সৈন্যৰ বৃহৎ সফলতা। ইজৰাইলৰ সেনাই চলোৱা এক অভিযানত উগ্ৰপন্থী সংগঠন হামাছৰ চিফ অফ ষ্টাফ মাৰৱান ইচ্ছাৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে।
ইজৰাইলী সেনাই এই অভিযানৰ এক ভিডিঅ’ জাৰি কৰি মাৰৱানৰ মৃত্যুৰ দাবী কৰে।
অৱশ্যে প্ৰথম অৱস্থাত ইজৰাইলৰ সেনাৰ তৰফৰ পৰা এক্সযোগে শ্বেয়াৰ কৰা এটা প’ষ্টত মাৰৱানৰ মৃত্যু হৈছে নে নাই তাক লৈ নিশ্চিত হোৱা নাই বুলি কোৱা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত আন এটা প’ষ্টৰ জৰিয়তে মাৰৱানৰ মৃত্যুৰ দাবী কৰে।
মাৰৱান ইচ্ছাৰ মৃত্যু ইজৰাইল সেনাৰ বাবে ডাঙৰ সফলতা বুলি গণ্য কৰা হৈছে। কিয়নো মাৰৱান ইচ্ছাৰ নেতৃত্বতে সঞ্চালন হৈ আছিল হামাছ।
উল্লেখ্য যে, ইজৰাইলৰ লগত চলি থকা যুদ্ধত এই পৰ্যন্ত হামাছৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ মৃত্যু হৈছে।