শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। আজি পুৱা কাছাৰৰ ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৰসিংপুৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত তিনিজন লোকৰ ঘটনাস্থলতে মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।
জানিব পৰা অনুসৰি, টাটা ছুম’ আৰু এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি খবৰ আহিছে।
মিজোৰামৰ আইজলৰ পৰা আহি থকা যাত্ৰীবাহী ছুম’খনে অভাৰটেক কৰিবলৈ লওতেই শিলচৰ দিশৰ পৰা আহি থকা ট্ৰাকখনৰ লগতে সংঘৰ্ষ হয়।
দুয়োখন বাহনৰ মাজত হোৱা সংঘৰ্ষৰ পাছতে স্থানীয় লোকে ছুম’ৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে।
প্ৰত্যক্ষদৰ্শী তথা স্থানীয় লোকে জনোৱা মতে দুৰ্ঘটনাটোত তিনিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে বহু কেইজন লোক গুৰুতৰভাৱে আহত হয়।
আহতৰ সঠিক তথ্য জানিব পৰা হোৱা নাই যদিও মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত জনায়।