পিতৃৰ বিৰুদ্ধে হ’ব পুত্ৰৰ যুঁজ! প্ৰাৰ্থীৰ নাম ঘোষণা উদ্ধৱ ঠাকৰেৰ

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে অধিক আকৰ্ষণীয় হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। মুম্বাইৰ উত্তৰ-পশ্চিম সমষ্টিত এইবাৰ পিতৃ-পুত্ৰৰ মাজত যুঁজ হোৱাৰ প্ৰৱল সম্ভাৱনাই দেখা দিছে।

মহাবিকাশ আঘাড়ীৰ মাজত এতিয়াও আসন ভাগ-বতৰা হোৱা নাই যদিও উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই উত্তৰ-পশ্চিম সমষ্টিটোৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম।

দলে এই সমষ্টিটোত অমোল কীৰ্তিকাৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। অমোল কীৰ্তিকাৰ হৈছে একনাথ চিণ্ডে নেতৃত্বাধীন শিৱসেনাৰ সাংসদ গজানন কীৰ্তিকাৰৰ পুত্ৰ।

এই সন্দৰ্ভত অমোল কীৰ্তিকাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘মই যিটো দলত আছো সেই দলৰ সকলো আদেশ মই পালন কৰিম। সন্মুখত যিয়েই নাথাকক মই যুঁজিব লাগিব আৰু মই যুঁজিম। দেউতাই হাতত ধৰি মোক যিটো দললৈ লৈ গৈছিল, মই আজিও সেই দলটোৰ সৈতে আছো’।

যদিহে এই সমষ্টিটোত সঁচাকৈয়ে পিতৃ-পুত্ৰৰ মাজত যুঁজ হয় তেন্তে ৰাজনৈতিক মহলত এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিব।

Comments (0)
Add Comment