সোমবাৰে পুৱা বিহাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। মৃত্যু হোৱা সকলৰ ভিতৰত দুটা শিশুও আছে।
জানিব পৰা অনুসৰি, বিয়া খাই উভতি আহি থকা অৱস্থাত এখন গাড়ী আৰু এখন ট্ৰেক্টৰৰ মাজত সংঘৰ্ষটো হয়। ঘটনাটোত আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
এই শিহৰণকাৰী পথ দুৰ্ঘটনাটো বিহাৰৰ খগড়িয়াত সংঘটিত হয়। খগড়িয়াৰ চৌথাম ব্লক অঞ্চলৰ পৰা এছ ইউ ভি গাড়ীৰে ১২ জন লোকে যাত্ৰা কৰিছিল।
এই লোককেইজনে এক বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি থকা সময়তে পাছৰাহা থানা এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩১ৰ সমীপত চিমেণ্টৰ বস্তা ভৰ্তি ট্ৰেক্টৰ এখনৰ সৈতে সংঘৰ্ষ হয়।
এই ঘটনাত যাত্ৰীবাহী বাহনখনত থকা শিশুসহ ৭জন লোকৰ থিতাতে মৃত্যু হয়। ঘটনাত আহত ৫ জন লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসাৰ সময়ত আন এজন ব্যক্তিৰ মৃত্যু হয়। ঘটনাত আহত চাৰিজন লোকক চিকিৎসাৰ বাবে ভাগলপুৰৰ মায়াগঞ্জ হাস্পতাললৈ লৈ যোৱা হৈছে।
ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী। ইয়াৰ পিছতে মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত মৃতকৰ পৰিয়ালক অৱগত কৰিছে আৰক্ষীয়ে।
খগড়িয়াৰ আৰক্ষী অধীক্ষক চন্দনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰেক্টৰ চালক আৰু তেওঁৰ সংগীজন সেই স্থানৰ পৰা পলায়ন কৰে।