নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত মৃত্যু চাৰি দুৰ্ধৰ্ষ মাওবাদী

মহাৰাষ্ট্ৰৰ গাড়চিৰোলিত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত ব্যাপক সফলতা লাভ কৰিছে আৰক্ষীয়ে। চি ৬০ কমাণ্ডোৰ অভিযানত ৪ জন মাওবাদী নিহত হৈছে।

গাড়চিৰোলি জিলাৰ আৰক্ষী অধীক্ষক নিলোৎপলে জনোৱা মতে, সোমবাৰে বিয়লি তেলেংগানা ৰাজ্যিক সমিতিৰ একাংশ সদস্যই আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত অশান্তিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰৰ গোপন তথ্য লাভ কৰে। ইয়াৰ পিছতে মাওবাদীৰ দল এটাই তেলেংগানাৰ পৰা গড়চিৰোলিৰ প্ৰাণাহিতা নদী পাৰ হৈ জিলাখনলৈ অহাৰ তথ্য লাভ কৰে।

তথ্য লাভ কৰাৰ লগে লগে অতিৰিক্ত আৰক্ষী অধীক্ষক যতীশ দেশমুখৰ নেতৃত্বত আহেৰী উপ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা চি ৬০ আৰু চি আৰ পি এফৰ কেইবাটাও দল পঠিয়াই অঞ্চলটোত তালাচী চলায়।

আজি পুৱা এছ পি এছ ৰেপানপল্লীৰ পৰা ৫ কিলোমিটাৰ নিলগৰ কোলামাৰকা পাহাৰত তালাচীৰ সময়ত মাওবাদীয়ে ৪টা চি ৬০ দলৰে গঠিত এটা দলত নিৰ্বিচাৰ গুলীচালনা কৰে। নিৰাপত্তাৰ19-03-2024ীৰ দলটোৱে প্ৰত্যুত্তৰত চলোৱা গুলীচালনাত ৪ জন মাওবাদী নিহত হয়।

গুলীচালনাৰ স্থানৰ পৰা ১টা AK47, ১টা কাৰবাইন আৰু ২টা দেশত নিৰ্মিত পিষ্টল, মাওবাদী সাহিত্য আৰু আন আন আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে। বৰ্তমানো অঞ্চলটোত মাও বিৰোধী অভিযান চলি আছে।

Comments (0)
Add Comment