লোকসভা নিৰ্বাচনৰ পূৰ্বে গুজৰাটত মোক্ষম আঘাতৰ সন্মুখীন হৈছে ভাৰতীয় জনতা পাৰ্টি। দলটোৰ বিধায়ক কেতন ইনামদাৰে ৰাজ্যিক বিধানসভাৰ পৰা পদত্যাগ কৰিছে।
বিবেকৰ কথা শুনি বিধায়কগৰাকীয়ে মঙলবাৰে পদত্যাগ কৰি আত্মসন্মানতকৈ ডাঙৰ একো নাই বুলি মন্তব্য কৰে।
তৃতীয়বাৰৰ বাবে বিধানসভাত বদোদৰা জিলাৰ সাৱলী আসনখনক প্ৰতিনিধিত্ব কৰা ইমানদৰে বিধানসভাৰ অধ্যক্ষ শংকৰ চৌধুৰীক পদত্যাগ পত্ৰ দাখিল কৰে। পত্ৰখনত ইনামদাৰে কয় যে তেওঁ নিজৰ “বিবেক”ৰ ভিত্তিত পদত্যাগ কৰিছে।
ইয়াৰ পূৰ্বেও ২০২০ চনৰ জানুৱাৰী মাহত তেওঁ বিধায়ক পদৰ পৰা পদত্যাগ ঘোষণা কৰিছিল যদিও তেতিয়া বিধানসভাৰ অধ্যক্ষই সেইটো মানি লোৱা নাছিল। মঙলবাৰে পদত্যাগ কৰাৰ পিছত ইনামদাৰে সাংবাদিকৰ আগত কয় যে এয়া নেতৃত্বক হেঁচা দিয়াৰ কোনো কৌশল নহয়।
বিজেপি দলত পুৰণি কৰ্মীসকলক গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি ইনামদাৰে বিধায়ক পদ ত্যাগ কৰা বুলি জানিব পৰা গৈছে।