ভাৰত, চীন তথা আফ্ৰিকাৰ দৰে দেশসমূহত সঘনাই সংঘটিত হৈ থকা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাকিস্তানত। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশস্থিত এটা কয়লা খনিত গেছ বিস্ফোৰণ হোৱাৰ খবৰ পোহৰলৈ আহিছে।
এই ঘটনাত কয়লা খনিটোত কৰ্মৰত ১২ জন শ্ৰমিক মৃত্যুমুখত পৰে। অৱশ্যে ৮ জন শ্ৰমিকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। বুধবাৰে পাকিস্তানী বিষয়াসকলে এই তথ্য প্ৰদান কৰে।
পাকিস্তানৰ ডন কাকতত প্ৰকাশিত বাতৰি অনুসৰি এই ঘটনা সংঘটিত হৈছে হৰনাই জিলাৰ জৰদালো অঞ্চলত।
বেলুচিস্তানৰ মুখ্য খনি পৰিদৰ্শক আব্দুল ঘানী বালোচৰ উদ্ধৃতি দি বাতৰিটোত প্ৰকাশ কৰা অনুসৰি জৰদালো অঞ্চলত নিশা মিথেন গেছ বিস্ফোৰণৰ সময়ত খনিটোত আছিল প্ৰায় ২০ জন শ্ৰমিক।
বুধবাৰে পুৱালৈ চলোৱা উদ্ধাৰ অভিযানৰ পিছত উদ্ধাৰকাৰী দলে ১২টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে ৮ জন শ্ৰমিকক নিৰাপদে উলিয়াই আনি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উল্লেখ্য যে, পাকিস্তানৰ কয়লা উৎপাদনৰ ৫০ শতাংশ অৰিহণা যোগায় বেলুচিস্তান প্ৰদেশে। কয়লা খনিত নিৰাপত্তাৰ অভাৱ আৰু কৰ্মৰ অৱস্থা বেয়া হোৱাৰ বাবেই এনে দুৰ্ঘটনা সঘনাই সংঘটিত হয় বুলি খনিৰ শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰি আহিছে।