উত্তৰ চীনৰ ছাংচি প্ৰদেশত মঙলবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ। সুৰংগৰ দেৱালত খুন্দিওৱাৰ ফলত সংঘডটিত এই দুৰ্ঘটনাটোত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭ জন লোক আহত হয়।
বুধবাৰে চীনৰ চৰকাৰী সংবাদ মাধ্যমে এই ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰে।
স্থানীয় বিষয়া জানিব দিয়া মতে, হুবেই এক্সপ্ৰেছৱে’ত দুপৰীয়া ২.৩৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিকিৎসাৰ বাবে লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে।
এই ভয়ংকৰ দুৰ্ঘটনাটো কি কাৰণত সংঘটিত হ’ল সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই।
ইফালে মঙলবাৰে পূব চীনৰ ঝেজিয়াং প্ৰদেশৰ টাইঝৌৰ এখন বৃত্তিমূলক বিদ্যালয়ত এখন গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই বহু লোকক মহতিয়াই লৈ যায়। এই দুৰ্ঘটনাটোত ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬ জন লোক আহত হয়।