ক্ৰিকেটৰ ভগৱানৰূপে পৰিচিত কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰে মুম্বাই আৰক্ষীৰ পৰা সহায় বিচাৰিছে। ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ছাৰাই এটা কুকুৰ হত্যা কৰাৰ অভিযোগত অভিযুক্ত এজনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা পোষ্ট য’ত জয়েশ দেশাই নামৰ এজন ব্যক্তিৰ ফটো শ্বেয়াৰ কৰা হৈছে। এই পোষ্টটোত কোৱা হৈছে যে এই ব্যক্তিজনে এটা কমিউনিটি কুকুৰক হত্যা কৰিছে।
ছাৰাৰ উপৰি আন বহু চেলিব্ৰিটিয়ে এই পোষ্টটো শ্বেয়াৰ কৰি জয়েশ দেশাই নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। ভাৰতৰ জীৱ-জন্তু সম্পৰ্কীয় আইন অতি দুৰ্বল হোৱাৰ বাবে এই ব্যক্তিজন জামিনত আছে বুলি উল্লেখ কৰে।
ইনষ্টাগ্ৰামত পোষ্টটো শ্বেয়াৰ কৰাৰ সময়ত ছাৰাই কেপচনত লিখিছে, ‘এইজন অভিযুক্ত জয় দেশাই। এই লোকজনে ৰেনৱাল এলিজেণ্টাত কুকুৰটোক হত্যা কৰিছে। থানাত এফআইআৰ ৰুজু হৈছে যদিও বৰ্তমান এই ব্যক্তিজন জামিনত আছে কাৰণ আমাৰ দেশত জীৱ-জন্তু সম্পৰ্কীয় আইন দুৰ্বল’।