ৰাজস্থানত কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিৰ বিৰোধিতা কৰি থকা এন এছ ইউ আইৰ কৰ্মী তথা সদস্যসকলৰ ওপৰত লাঠি চালনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিকানেৰ আৰক্ষীৰ বিৰুদ্ধে।
আৰক্ষীৰ প্ৰহাৰত এন এছ ইউ আইৰ ডুংগৰ কলেজৰ সভাপতি হৰি গোদাৰা আৰু প্ৰাক্তন সভাপতি কৃষ্ণ গোদাৰাকে ধৰি কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে হৰি গোদাৰাৰ মূৰ ফাটি যোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা অনুসৰি, আজি দিনৰ প্ৰায় ১ বজাত এন এছ ইউ আইয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল কলেক্টৰেটত। সংগঠনটোৰ প্ৰতিবাদ ৰোধ কৰিবলৈ ৰাজপথত বেৰিকেড লগাইছিল আৰক্ষীয়ে।
কিন্তু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে বেৰিকেড ভাঙি অগ্ৰসৰ হ’বলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে লাঠি চাৰ্জ কৰে।
উল্লেখ্য যে, গংগা থিয়েটাৰ চিনেমা হলৰ সন্মুখেৰে আগবাঢ়ি অহা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে প্ৰথমে বাধা প্ৰদান কৰে। কিন্তু পিছত প্ৰতিবাদত অংশ লোৱা ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি বিনোদ জাখৰকে ধৰি একাংশ ছাত্ৰ নেতাক ভিতৰলৈ সোমাবলৈ দিয়া হয় আৰু বাকীসকলক ৰখাই থোৱা হয়।
ইয়াতে ক্ষুন্ন হৈ প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰে। ইয়াৰ পিছতে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা কৰে।
উল্লেখ্য যে, এটা সপ্তাহৰ ভিতৰত বিকানেৰত এয়া দ্বিতীয়টো লাঠি চালনাৰ ঘটনা। বিকানেৰ আৰক্ষীৰ এই কাণ্ডক কংগ্ৰেছ দলে তীব্ৰ ভাষাৰে গৰিহনা প্ৰদান কৰিছে।