অসম তথা উত্তৰ-পূবৰ প্ৰথমজন মুছলমান বিজেপি বিধায়কে যোগ দিলে কংগ্ৰেছ দলত

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি তেওঁ অসমৰ প্ৰথমজন মুছলমান বিজেপি বিধায়ক হোৱাৰ নজিৰ গঢ়ি তুলিছিল। কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই প্ৰাক্তন বিধায়কগৰাকীয়ে যোগ দিলে কংগ্ৰেছ দলত।

বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা এইগৰাকী প্ৰাক্তন বিধায়ক হৈছে আমিনুল হক লস্কৰ।

বৰাক উপত্যকাৰ জনপ্ৰিয় নেতা আমিনুল হক লস্কৰে এআইচিচিৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে।

কংগ্ৰেছত যোগদান কৰি আমিনুলে কয় যে মই যোৱা ১৩ বছৰে বিজেপিত আছিলো। কিন্তু অসমত বিজেপিয়ে ৰাজনৈতিক মতাদৰ্শ হেৰুৱাইছে। গতিকে অসম তথা অসমবাসীৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছো।

উল্লেখ্য যে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত শিলচৰৰ সোনাই সমষ্টিৰ পৰা বিজেপিৰ প্ৰতীকট জয়ী হৈছিল আমিনুল হক লস্কৰ। সেই ঐতিহাসিক জয়ৰ পিছতে তেওঁ হৈ পৰিছিল অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী মুছলিম বিজেপি বিধায়ক।

অৱশ্যে ২০২১ চনৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল আমিনুল হক লস্কৰ। কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে তেওঁক ৰাজ্যিক সংখ্যালঘু আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল।

লোকসভা নিৰ্বাচনৰ পূৰ্বে আমিনুলৰ কংগ্ৰেছত যোগদান কৰা কাৰ্যই বৰাক উপত্যকাত দলটোক অতিৰিক্ত শক্তি প্ৰদান কৰিব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

Comments (0)
Add Comment