নিশা প্ৰায় ৪০ গৰাকী যাত্ৰীক লৈ তেজপুৰ অভিমুখে ৰাওনা হৈছিল বাছখন। চলন্ত বাছৰ পৰা হঠাত্ ট্ৰাকৰ সমুখত জঁপিয়ালে বাছৰ চালকে। ইয়াৰ পাছতেই তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে চালকজনক। এই ঘটনাত প্ৰদীপ শৰ্মা নামৰ বাছচালকজনৰ মৃত্যু হয়। সাংস্কৃতিক নগৰী তেজপুৰত সংঘটিত হৈছে এই ঘটনা। নিহত প্ৰদীপ শৰ্মা তেজপুৰ মেডিকেলৰ বাছৰ চালকৰূপে কৰ্মৰত হৈ আছিল।
প্ৰত্যেক দিনাৰ দৰে কালি নিশা প্ৰায় ৯ বজাত তেজপুৰ মেডিকেলৰ যাত্ৰী লৈ তেজপুৰ অভিমুখে ৰাওনা হৈছিল অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছখন। হঠাত চালক প্ৰদীপ শৰ্মাই বাছখন বিহগুৰী ছাগলী আহতৰ তলত ৰখাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শুই পৰে। সেই মূহূৰ্তত ঢেকিয়াজুলী অভিমুখে অহা এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় প্ৰদীপ শৰ্মাক। লগে লগে অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। সৌভাগ্যবশত বাছ খনত থকা যাত্রী সকলৰ কাৰো একো ক্ষয় ক্ষতি হোৱা নাই। কিহৰ কাৰণে প্ৰদীপ শৰ্মা নামৰ চালকজনে এনে কাণ্ড কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।