১৪ দিনৰ ভিতৰত দুটাকৈ মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ১০০ বছৰৰ পাছত হোলীৰ দিনাই হ’ব চন্দ্ৰগ্ৰহণ। ৮ এপ্ৰিলত ৫০ বছৰৰ পিছত বিশেষ সূৰ্যগ্ৰহণ। ২৫ মাৰ্চত হোলীৰ দিনাই বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। সোমবাৰে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰিব বিশ্বৰ বিভিন্ন প্ৰান্তত।
এই চন্দ্ৰগ্ৰহণৰ বিশেষত্ব হৈছে ১০০ বছৰৰ পিছত হোলীৰ দিনা হ’ব চন্দ্ৰগ্ৰহণ। পুৱা ১০ বাজি ২৪ মিনিটত আৰম্ভ হৈ বিয়লি ৩ বাজি ১ মিনিটত অন্ত পৰিব চন্দ্ৰগ্ৰহণৰ। চন্দ্ৰগ্ৰহণৰ ১৩ দিনৰ পিছতেই ৮ এপ্ৰিলত হ’ব সূৰ্যগ্ৰহণ।
জানিব পৰা মতে ৮ এপ্ৰিলত বছৰটোৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ হ’ব। সূৰ্যগ্ৰহণত ৭ মিনিট ১৪ ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা দৃশ্যমান হ’ব সূৰ্যগ্ৰহণ।