কেৱল কেজৰিৱাল নহয়, গ্ৰেপ্তাৰ আৰু ৩ মুখ্যমন্ত্ৰী!

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে নিশা ইডিয়ে গ্ৰেপ্তাৰ কৰে। আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালক ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ৯ বাৰকৈ সোধা-পোছাৰ বাবে মাতিছিল। কিন্তু তেওঁ উপস্থিত থকা নাছিল। ইয়াৰ পিছত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ইডি তেওঁৰ ঘৰত উপস্হিত হয়।দুঘন্টীয়া তালাচীৰ অন্তত জব্দ কৰে তেওঁৰ মোবাইল ফোন।নিশা প্ৰায় ৯ বজাত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হয়। মুখ্যমন্ত্ৰীৰ বাসগৃহৰ আশে-পাশে থকা অঞ্চলত জাৰি কৰা হৈছে ১৪৪ ধাৰা । কিন্তু এনে ঘটনা এয়াই প্ৰথম নহয়।ইয়াৰ পূৰ্বেও বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা ৩১ জানুৱাৰীত ভূমি জালিয়াতিৰ সৈতে জড়িত অবৈধ বিত্তীয় লেনদেনৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে হেমন্ত ছ’ৰেনক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱাৰ সময়ত তেওঁ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আছিল। হেমন্তৰ বিৰুদ্ধে ৬০০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল।

গ্ৰেপ্তাৰৰ পূৰ্বে ৰাজভৱনলৈ গৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল হেমন্ত ই । তেওঁৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ঝাৰখণ্ডৰ দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী।২০০৬ চনৰ ৫ ডিচেম্বৰত দিল্লীৰ নিম্ন আদালতে হেমন্তৰ পিতৃ, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছ’ৰেনক তেওঁৰ ব্যক্তিগত সম্পাদক শশীনাথ ঝাক অপহৰণ কৰি হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তেতিয়াৰ মনমোহন সিং চৰকাৰৰ কয়লা মন্ত্ৰী আছিল শিবু।শিবু তিনিবাৰকৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আছিল। কিন্তু এবাৰো কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে।

২০০৬ চনৰ ১৯ ছেপ্টেম্বৰত ঝাৰখণ্ডৰ চতুৰ্থ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নিৰ্দলীয় বিধায়ক মধু কোৰাই। তেওঁৱো সম্পূৰ্ণ কৰিব নোৱাৰিলে কাৰ্যকাল।মধুক তেওঁৰ কাৰ্যকালত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে আৰ্থিক আত্মসাৎ আৰু অঘোষিত সম্পত্তি ৰখাৰ অভিযোগ উত্থাপিত হৈছিল। ২০০৯ চনত বহুকেইটা কোম্পানীক উৎকোচ দিয়াৰ লগতে বহিঃৰাজ্যত ধন সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মধু। ১৯৯৭ চনৰ ২৩ জুনত চিবিআয়ে তেতিয়াৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱকে ধৰি ৫৫ জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।ইয়াৰ এমাহ পাছত ২৫ জুলাইত চিবিআইৰ তদানীন্তন যুটীয়া সঞ্চালক উপেন বিশ্বাসে অৰ্ধসামৰিক বাহিনীৰে ঘৰ ঘেৰাও কৰি লালুক গ্ৰেপ্তাৰ কৰে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গ্ৰেপ্তাৰৰ পৰা হাত সাৰিলেও লালুৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।৩০ জুলাইত চিবিআই আদালতত আত্মসমৰ্পন কৰি জেললৈ গৈছিল লালু। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক যোৱা ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ উপৰিও দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তালিকাত বিজেপিৰ বি এছ য়েডুৰাপ্পা,ডি এম কেৰ এম কৰুণানিধি, অন্তৰ্ভুক্ত।

Comments (0)
Add Comment