ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ; কাইলৈ কিছু সময়ৰ বাবে বন্ধ থাকিব এইসমূহ সেৱা!

ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ। কাইলৈ কিছু সময়ৰ বাবে বন্ধ হৈ পৰিব এছ বি আইৰ YONO, Net Banking আৰু মোবাইল এপ সেৱা। নিৰ্ধাৰিত কাৰ্যকলাপৰ বাবে ২০২৪ চনৰ ২৩ মাৰ্চত এছ বি আইৰ গ্ৰাহকে ইণ্টাৰনেট বেংকিং সেৱা ব্যৱহাৰ কৰিব নোৱাৰিব।

অৱশ্যে ইউপিআই লাইট আৰু এটিএমৰ জৰিয়তে গ্ৰাহকে এই সেৱাসমূহ লাভ কৰিব পাৰিব।

এছ বি আইয়ে নিজৰ অধিসূচনাত জনাইছে যে ২০২৪ চনৰ ২৩ মাৰ্চৰ দুপৰীয়া ০১:১০ বজাৰ পৰা ০২:১০ বজাৰ ভিতৰত ইণ্টাৰনেট সম্পৰ্কীয় সেৱা উপলব্ধ নহ’ব।

বেংকটোৱে জনোৱা মতে, এই সময়ছোৱাত গ্ৰাহকে ইন্টাৰনেট বেংকিং, য়’নো লাইট, য়’নো বিজনেছ ৱেব আৰু ম’বাইল এপ, য়’নো আৰু ইউপিআইৰ সেৱা ব্যৱহাৰ কৰিব নোৱাৰিব। অৱশ্যে ইউ পি আই লাইট আৰু এ টি এম সেৱা ব্যৱহাৰ কৰিব পাৰিব।

বেংকটোৱে জনোৱা মতে, গ্ৰাহকে যিকোনো তথ্য বা সহায়ৰ বাবে এছ বি আইৰ টোল ফ্ৰী নম্বৰ ১৮০০ ১২৩৪ আৰু ১৮০০ ২১০০ নম্বৰত ফোন কৰিব পাৰে। ৱেবছাইটত গৈ যিকোনো ধৰণৰ তথ্যও লাভ কৰিব পাৰিব।

Comments (0)
Add Comment