ৰাজস্থান ৰয়েলছ শিৱিৰৰ বাবে দুঃসংবাদ; নাম প্ৰত্যাহাৰ এইগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ

আই পি এলৰ ১৭ সংখ্যক ছিজন আৰম্ভ হোৱাৰ পূৰ্বে মোক্ষম আঘাতৰ সন্মুখীন হৈছে ৰাজস্থান ৰয়েলছ। ৰাজস্থানৰ হৈ চুক্তিবদ্ধ হোৱা অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ এডাম জাম্পাই আই পি এল ২০২৪ৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।
ব্যক্তিগত কাৰণত জাম্পাই এই সিদ্ধান্ত লৈছে। ডিচেম্বৰ মাহত ডুবাইত অনুষ্ঠিত হোৱা নিলামৰ পূৰ্বে জাম্পাৰ মেনেজাৰে আই পি এলৰ বাবে তেওঁ উপলব্ধ হ’ব বুলি কৈছিল।
ইয়াৰ পিছতে নিলামৰ জৰিয়তে জাম্পাক ক্ৰয় কৰিছিল ৰাজস্থানে। কিন্তু শেষ মুহূৰ্তত জাম্পাৰ প্ৰত্যাহাৰে ৰাজস্থান ৰয়েলছৰ সমস্যা বৃদ্ধি কৰিছে।
আই পি এলত ৰাজস্থানৰ পূৰ্বে জাম্পাই ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু পুনে ছুপাৰ জায়েন্টছৰ হৈ খেলিছিল। আই পি এলত চাৰিটা ছিজনত খেলা ২০খন মেচত ২৯টা উইকেট দখল কৰিছে। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন ১৯ ৰানত ৬ উইকেট।

Comments (0)
Add Comment