বৃহস্পতিবাৰে নিশা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমাজ সংস্কাৰক আন্না হাজাৰেই।
আন্না হাজাৰেই কয়, ‘আমি মদৰ বিৰোধিতা কৰি আহিছো। অৰবিন্দ কেজৰিৱালেও আমাক সমৰ্থন দিছিল। কিন্তু তেওঁ যি সুৰা নীতি প্ৰস্তুত কৰিলে, তাত মই বহুত দুঃখিত। এই সন্দৰ্ভত মই পত্ৰও লিখিছিলো। তেওঁৰ কৰ্মৰ বাবেই তেওঁ গ্ৰেপ্তাৰ হৈছে। এতিয়া যি হ’ব আইনী মতে হ’ব’।
উল্লেখ্যে যে, দিল্লীৰ সুৰা নীতি কেলেংকাৰি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে নিশা ই ডিয়ে গ্ৰেপ্তাৰ কৰিছে।
দুৰ্নীতি বিৰোধী যুঁজ তথা লোকপাল আন্দোলনৰ আন্না হাজাৰেৰ একালৰ বিশ্বস্ত সহযোদ্ধা আছিল অৰবিন্দ কেজৰিৱাল। আন্নাই ইয়াৰ পূৰ্বেও দিল্লী সুৰা নীতি সন্দৰ্ভত তীব্ৰ ক্ষোভ উজাৰি কেজৰিৱালক ক্ষুৰধাৰ সমালোচনা কৰিছিল।
আন্নাই কেজৰিৱাললৈ লিখা পত্ৰখনত উল্লেখ কৰিছিল, ‘সুৰাৰ যিদৰে নিছা আছে, সেইদৰে ক্ষমতাৰো নিচা আছে। এনেকুৱা লাগিছে যে আপুনিও ক্ষমতাৰ ৰাগীত মদমত্ত হৈছে’।