আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া বিশ্বকাপ ফুটবল কোৱালিফায়িং মেচৰ বাবে শনিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে ভাৰতীয় পুৰুষ ফুটবল দলটো।
অহা ২৬ মাৰ্চ অৰ্থাত মঙলবাৰে গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ মেচখন।
বিশ্বকাপৰ উপৰি এই খেলখন আগন্তুক এছিয়া কাপৰ বাবেও যোগ্যতা নিৰ্ণয়কাৰী মেচ হিচাপে বিবেচিত হ’ব।
দুখনকৈ সন্মানজনক প্ৰতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী মেচ খেলিবলৈ উপস্থিত হোৱা সুনীল চেত্ৰী নেতৃত্বাধীন ভাৰতীয় দলটোক গুৱাহাটী বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হয়।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২২ মাৰ্চত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৰাউণ্ড ১ৰ মেচখনত ভাৰতে গ’ল শূন্য ড্ৰ’ খেলিছিল। ভাৰতে চাৰি পইণ্টৰ সহায়ত গ্ৰুপ এ’ৰ দ্বিতীয় স্থানত আছে।
এতিয়া অহা ২৬ মাৰ্চত ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয় ৰাউণ্ডৰ মেচখনত অৱতীৰ্ণ হ”ব।