শনিবাৰে ৰাজস্থানৰ জয়পুৰৰ বচ্ছি অঞ্চলৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত ৫ জন শ্ৰমিক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰশাসনৰ ফালৰ পৰা এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।
এই ঘটনা সংঘটিত হৈছে বচ্ছি থানা এলেকাৰ শালিমাৰ কাৰখানাত। হঠাৎ কাৰখানাটোৰ বয়লাৰ বিস্ফোৰণ ঘটাৰ পিছত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। বিস্ফোৰণৰ সময়ত তাত শ্ৰমিকসকলে কাম কৰি আছিল।
জানিব পৰা মতে, শনিবাৰে সন্ধিয়া বচ্ছি অঞ্চলৰ বৈনাদ পথত থকা ৰাসায়নিক কাৰখানাটোত হঠাৎ বিস্ফোৰণ হয় আৰু ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়।
লগে লগে স্থানীয় আৰক্ষী থানা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ সেই স্থানত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপনৰ প্ৰচেষ্টা চলোৱা হৈছে।
এই ৰাসায়নিক কাৰখানাটো বচ্ছিৰ বৈনাদত অৱস্থিত। বৰ্তমান এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, কিছুদিন পূৰ্বেও বিশ্বকৰ্মাস্থিত এটা ঘৰতো জুই লাগিছিল। এই ঘটনাটো পাঁচজন লোকে প্ৰাণ হেৰুৱাইছিল। জয়পুৰত অনুৰূপ অগ্নিকাণ্ড সংঘটিত হোৱাৰ এয়া দ্বিতীয়টো ঘটনা বুলি জানিব পৰা গৈছে।