বৰ্তমান বৃক্ক বিকলৰ সমস্যাত ভাৰাক্ৰান্ত বিশ্বৰ হাজাৰ হাজাৰ লোক। তেনে সময়তে এটা খবৰে আনিছে আশাৰ বতৰা। ১৬ মাৰ্চত বষ্টনৰ মাছাছুছেটছ জেনেৰেল হাস্পতালৰ এজন চিকিৎসকে প্ৰায় ৪ ঘন্টাজোৰা যুগান্তকাৰী অস্ত্ৰোপচাৰৰ জৰিয়তে ৬২ বছৰীয়া ৰিচাৰ্ড শ্লেইমেন নামৰ এগৰাকী লোকৰ দেহত প্ৰথমবাৰৰ বাবে স্থাপন কৰে গাহৰিৰ বৃক্ক।
চিকিৎসকে জনোৱা মতে বৰ্তমান ৰোগীগৰাকী সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। কিছুদিন পিছত ৰোগীগৰাকী ঘৰলৈ যাব পাৰিব বুলিও জনাইছে চিকিৎসকে।
এই অস্ত্ৰোপচাৰটো আছিল বিশেষভাৱে প্ৰজনন কৰা এটা গোটৰ পৰা, যিবোৰ জিনগতভাৱে মানুহৰ লগত অধিক মিল থকাকৈ সংশোধন কৰা হৈছিল।
বিজ্ঞানীসকলে গাহৰিৰ পৰা মানুহৰ দেহত ভাবুকি কঢ়িয়াই অনা জিনবোৰ আঁতৰাই পেলাইছে। ইয়াৰ লগত কিছুমান মানুহৰ জিন সংযোজন কৰিছে।
বৰ্তমান সময়ত বহু লোকৰ বৃক্কৰ যথেষ্ট অৱনতি ঘটিছে। এনে পৰিস্থিতিত যদি গাহৰিৰ বৃক্ক মানৱ দেহত স্থাপন কৰা হয় তেনেহলে চিকিৎসা বিজ্ঞানৰ বাবে এক বৃহৎ সকাহ হ’ব।