সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ গ’ল ৬০ জন লোকৰ, আহত ১০০ৰো অধিক

ISISৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ গ’ল ৬০ জনৰ,আহত ১০০ ৰো অধিক।ঘটনা সংঘটিত হোৱাৰ স্থান ৰাছিয়াৰ ৰাজধানী চহৰ মস্কোৰ ক্ৰকাছ চিটি হল। ৰাজধানী চহৰখনৰ চিটী হলত আততায়ীয়ে সাধাৰণ জনতাৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ কৰাৰ ফলত প্ৰাণ গ’ল ৬০ জনকৈ নিৰীহৰ।পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাছিয়াৰ নেচনেল গাৰ্ড ঘটনাস্থলীত উপস্থিত হয়।৫০ খনতকৈও অধিক এম্বুলেঞ্চ ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ৰাছিয়াৰ  সংবাদ মাধ্যমৰ মতে, কনচাৰ্ট আৰম্ভ হোৱাৰ পূৰ্বেই চিটি হলত অচিনাক্ত লোকে প্ৰৱেশ কৰি জনতাৰ ওপৰত গুলীচালনা কৰে। গুলীচালনাৰ পিছতে গ্ৰেনেডেৰে আক্ৰমণ কৰা হয় বুলিও ৰাছিয়াৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছে। মস্কোৰ বিমানবন্দৰ বন্ধ কৰি দিয়াৰ লগতে ৰে’লৰ চলাচলো বন্ধ কৰা হৈছে। ৰাজহুৱা স্থানত মানুহৰ সমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।খবৰ অনুসৰি পূৰ্বেই সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল আমেৰিকাই।ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ।

Comments (0)
Add Comment