টেষ্ট ক্ৰিকেটত কামিন্দু মেণ্ডিছে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া বিশ্বৰ প্ৰথমজন বেটছমেন

বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্ট মেচত শ্ৰীলংকাৰ বেটছমেন কামিন্দু মেণ্ডিছে ৰচিলে ইতিহাস। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ৭ নম্বৰ বা তাতকৈ নিম্ন স্থানত বেটিং কৰি টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা একমাত্ৰ বেটছমেন হিচাপে পৰিগণিত হৈছে কামিন্দু মেণ্ডিছ।

টেষ্ট ক্ৰিকেটত এনে কৃতিত্ব পূৰ্বে কোনো ক্ৰিকেটাৰে গঢ়িব পৰা নাছিল। বাংলাদেশৰ বিৰুদ্ধে খেলা মেচখনত কামিন্দু মেণ্ডিছে প্ৰথম ইনিংছত ১০২ ৰানৰ ইনিংছ খেলিছিল, আনহাতে দ্বিতীয় ইনিংছতো তেওঁ শতক অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, প্ৰথম ইনিংছত কামিন্দুৱে সপ্তম স্থানত বেটিং কৰিবলৈ আহি ১০২ ৰানৰ ইনিংছ খেলিছিল। আনহাতে দ্বিতীয় ইনিংছত কামিন্দুৱে অষ্টম নম্বৰত বেটিং কৰি শতক অৰ্জন কৰে।

ইয়াৰ উপৰি, এই টেষ্ট মেচখনত ধনঞ্জয় ডি ছিলভা আৰু কামিন্দু মেণ্ডিছে দুয়োটা ইনিংছতে শতক অৰ্জন কৰি বিশেষ অভিলেখ গঢ়ে। একেখন টেষ্ট ক্ৰিকেটত একেজন বেটছমেনে দুয়োটা ইনিংছতে শতক অৰ্জন কৰাৰ কৃতিত্ব ইতিহাসত মাত্ৰ তৃতীয়বাৰৰ বাবেহে হৈছে।

এখন টেষ্টত একেজন বেটছমেনে দুয়োটা ইনিংছত শতক অৰ্জন কৰা বেটছমেন

  • ইয়ান চেপেল আৰু গ্ৰেগ চেপেল বনাম নিউজিলেণ্ড, ১৯৭৪
  • আজহাৰ আলী আৰু মিছবাহ উল হক বনাম অষ্ট্ৰেলিয়া, ২০১৪
  • ধনঞ্জয় ডি ছিলভা আৰু কামিন্দু মেণ্ডিছ বনাম বাংলাদেশ, ২০২৪
Comments (0)
Add Comment