পাৰস্পৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি! ডাম্পাৰেৰে খুন্দিয়াই প্ৰাণ ল’লে ৫ জন লোকৰ

ৰাজস্থানৰ ঝালাৱাৰ জিলাত ব্যক্তিগত সংঘাতৰ ভয়ংকৰ পৰিণতি। দুই পক্ষৰ মাজত চলা সংঘাতৰ বাবেই প্ৰাণ হেৰুৱালে পাঁচজনকৈ লোকে। মৃত পাঁচজন লোকৰ ভিতৰত আছিল দুই ভাই-ককায়েক।

প্ৰাপ্ত খবৰ অনুসৰি, দুই পক্ষৰ মাজত চলা সংঘাতৰ পিছত এটা পক্ষই আনটো পক্ষৰ পাঁচজনকৈ লোকক ডাম্পাৰেৰে খুন্দিয়াই হত্যা কৰে। এই নৃশংস ঘটনা সংঘটিত কৰাৰ পিছতে ঘটনাস্থলৰ পৰা পলায়ন কৰে অভিযুক্তই।

এই নৃশংস ঘটনাটো পাগড়িয়া থানা এলেকাৰ বিন্যাগা গাঁৱত সংঘটিত হৈছে। চেপা উত্তেজনাৰ সৃষ্টি কৰা এই ঘটনাৰ পিছতে অঞ্চলটোত আৰক্ষীৰ এটা বৃহত দল মোতায়েন কৰা হৈছে।

জানিব পৰা মতে, পাৰস্পৰিক সংঘাতৰ অন্তত পাগড়িয়া থানাত ৰিপৰ্ট দাখিল কৰিবলৈ গৈছিল পাঁচজন লোক। এই কাৰ্যক সহজভাৱে মানিব নোৱাৰি আনটো পক্ষই গোচৰ দিবলৈ যোৱা পাঁচজন লোকক ডাম্পাৰেৰে মহতিয়াই লৈ যায়।

ভৱানীমণ্ডীৰ ডিএছপি প্ৰেম চৌধুৰীয়ে জনোৱা মতে, গভীৰ নিশা পাগড়িয়া থানা এলেকাৰ বিন্যাগা গাঁৱত কোনো এটা বিষয়ক লৈ দুটা পক্ষৰ মাজত বিবাদৰ সৃষ্টি হয়। ইয়াৰে এটা দলৰ পাঁচজন ব্যক্তিক ডাম্পাৰেৰে মহতিয়াই নিয়ে। ইয়াৰ পিছতে অভিযুক্তই ঘটনাস্থলৰ পৰা পলায়ন কৰে।

প্ৰেম চৌধুৰীয়ে কয় যে পাৰস্পৰিক বিবাদৰ অন্তত পাঁচোজন লোকে পাগড়িয়া থানাত এজাহাৰ দাখিল কৰিবলৈ আহিছিল। এই সময়ছোৱাত একাংশ লোকে তেওঁলোকক ডাম্পাৰেৰে আঘাত কৰে।

ডি এছ পিয়ে কয় যে এই চাঞ্চল্যকৰ ঘটনাৰ পিছত অঞ্চলটোত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বাহিনীৰ বৃহত দল মোতায়েন কৰা হৈছে।

ইফালে ঘটনা সংঘটিত কৰা অভিযুক্তক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Comments (0)
Add Comment