দেশজুৰি হোলীৰ আনন্দ উল্লাসৰ মাজতে ত্ৰিপুৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা। শনিবাৰে নিশা হঠাতে অহা প্ৰচণ্ড ধুমুহাৰ বাবে ৰাজ্যখনৰ ডাম্বুৰ জলাশয়ত চাৰিজন মাছমৰীয়া নিৰুদ্দেশ হোৱাৰ খবৰ আহিছে।
স্থানীয় প্ৰশাসনে জনোৱা অনুসৰি, ত্ৰিপুৰাৰ ধলাই জিলাৰ এম আৰ দাস পাৰাৰ বাসিন্দা হৰি দাস (৪৫), প্ৰদীপ দাস (৪৬), জ্যোতিষ মল্লিক (৫০) আৰু সঞ্জিত নন্দী (৫৩) নামৰ লোক কেইজনে নিশা প্ৰায় ৯.৩০ বজাত মাছ ধৰিবলৈ নাৱেৰে ৰাওনা হৈছিল ডাম্বুৰ হ্ৰদলৈ।
মাছ ধৰিবলৈ ৰাওনা হোৱাৰ কিছু সময় পিছতে আহে প্ৰচণ্ড ধুমুহা। ধুমুহা তীব্ৰতৰ হোৱাৰ লগে লগে মাছমৰীয়াসকলে হ্ৰদটোৰ মাজত স্থাপন কৰা তম্বু এটাত আশ্ৰয় লয়। কিন্তু প্ৰচণ্ড বতাহৰ ফলত তম্বুটো ডুব যায়, আৰু যাৰ ফলত চাৰিজন লোক সন্ধানহীন হয়।
ইয়াৰে এজন মাছমৰীয়াক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় যদিও বাকী তিনিজনৰ সন্ধানত অভিযান এতিয়াও চলি আছে।
উল্লেখ্য যে, মাছমৰীয়া কেইজন ঘৰলৈ উভতি নহাৰ পিছতেই চিন্তিত হৈ পৰা পৰিয়াল আৰু স্থানীয় লোকসকলে তেওঁলোকক বিচাৰি হ্ৰদটোলৈ যোৱাৰ পিছতে এই ঘটনা পোহৰলৈ আহে।
হ্ৰদটোত কেৱল খালী নাওখন দেখি পৰিয়াল তথা স্থানীয় লোকসকলে আৰক্ষী আৰু ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ জোৱানক খবৰ দিয়ে।
উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই এজনক উদ্ধাৰ কৰে যদিও বাকী তিনিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
ইফালে এই ঘটনাত শোকপ্ৰকাশ কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই এই কঠিন সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ৰাজ্য চৰকাৰৰ তৰফ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে।