আৱিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে আজিৰ সমগ্ৰ আকাশ…

আজি ৰঙৰ উৎসৱ ফাকুৱা । আৱিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে সমগ্ৰ আকাশ-বতাহ। হোলী বা ফাকুৱা উৎসৱে কেৱল ৰঙকেই প্ৰতিনিধিত্ব নকৰে ইয়াৰ সমান্তৰালভাৱে ধৰ্মীয় বিশ্বাস, সামাজিক কাৰক, পাৰিপাশ্বিক কাৰক অন্তনিৰ্হিত হৈ থাকে ।

হোলীয়ে মানুহৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী ডাল কটকটীয়া কৰি তোলে । সেই আবিৰৰ ৰঙেৰে সমগ্ৰ অসমবাসী আজি ৰঙীণ হৈ পৰিছে । ঠায়ে ঠায়ে উদযাপন কৰিছে ৰঙৰ উৎসৱ ফাকুৱা । অসমৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সত্ৰনগৰী বৰপেটাতো দৌল মহোৎসৱৰ আনন্দ, বাটে বাটে হোলীগীত প্ৰতিযোগীতা, হোলীৰ সুৰত মতলীয়া বৰপেটাবাসী।

সত্ৰনগৰী বৰপেটাৰ বাটে ঘাটে এতিয়া কেৱল হোলীগীতৰ গুঞ্জন। আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বৈকুণ্ঠপুৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ । অসমৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাট, যোৰহাট, কাছাৰ জিলাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা পৰিলক্ষিত হৈছে ৰঙৰ উৎসৱ ফাকুৱা ।

উল্লেখ্য যে হোলী উপলক্ষ্যে ইতিমধ্যে বিভিন্ন ঠাইত স্থানীয় বন্ধ ঘোষণা কৰা পৰিলক্ষিত হৈছে।  

Comments (0)
Add Comment