এখন বিশেষ বিয়াৰ চিঠিক লৈ সামাজিক মাধ্যমত তুমুল চৰ্চা। চিঠিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আমি কাৰোবাৰ বিয়াত গ’লে যিকোনো উপহাৰ লৈ যাও। কিন্তু এই ব্যক্তিজনে চিঠিত লিখি দিছে যে তেওঁ কি উপহাৰ দিব।
সামাজিক মাধ্যমত ভাইৰেল হোৱা বিয়াৰ চিঠিখন হল সাই কুমাৰৰ। মোদীৰ অনুৰাগী সাই কুমাৰে তেওঁৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰত সংলগ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো। লগতে তেওঁ চিঠিখনত কি উপহাৰ দিব লাগিব সেয়াও লিখি দিছে। চিঠিখনত লিখা আছে ‘নৰেন্দ্ৰ মোদীৰ বাবে আপুনি এটা ভোট দিয়ক,সেয়াই হব আমাৰ সৰ্বোত্তম উপহাৰ’।
তেলেংগানাৰ সাঙৰেড্ডী জিলাৰ নন্দিকান্দি নাৰ্চিমূল আৰু তেওঁৰ পত্নী নন্দিকান্দি নিৰ্মলায়ে একমাত্ৰ পুত্ৰৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰত অনুৰোধ জনাইছে এনেদৰে।
মোদীৰ ফটো সম্বলিত এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰত এনে অনুৰোধ দেখি আচৰিত হৈ পৰিল ৰাইজ।