আজি বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। কি কৰিব, কি নকৰিব? আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব

হোলীৰ দিনাই অৰ্থাত্ আজি বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। ১০০ বছৰৰ মূৰত এনে বিৰল চন্দ্ৰগ্ৰহণৰ সাক্ষী হব বিশ্ববাসী। এই চন্দ্ৰগ্ৰহণ ২৫ মাৰ্চৰ পুৱা ১০:২৪ বজাত আৰম্ভ হ’ব আৰু আবেলি ৩:০২ বজাত সমাপ্ত হ’ব। অৰ্থাত্ ৪ ঘণ্টা ৩৬ মিনিট ধৰি চন্দ্ৰগ্ৰহণ অব্যাহত থাকিব।

ক’ত ক’ত দেখা যাব চন্দ্ৰগ্ৰহণ

আজিৰ এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব। উত্তৰ-পূব এছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়া, আমেৰিকা, জাপান, ৰাছিয়া, আয়াৰলেণ্ড, ইংলেণ্ড, স্পেইন, পৰ্তুগাল, ইটালী, প্ৰশান্ত, আটলাণ্টিক মহাসাগৰত দেখিবলৈ পোৱা যাব এই চন্দ্ৰগ্ৰহণ।

হোলীত চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ

জ্যোৰ্তিবিদসকলৰ মতে, হোলীত এই চন্দ্ৰগ্ৰহণে প্ৰভাৱ নেপেলায়। চন্দ্ৰগ্ৰহণক লৈ একাংশ জ্যোতিষীয়ে আগবঢ়াইছে বিভিন্ন পৰামৰ্শ। গ্ৰহণৰ সময়ত ক্ৰোধ কৰিব নালাগে। একাংশ জ্যোতিষীৰ মতে, গ্ৰহণৰ সময়ত ভোজন কৰিব নালাগে। লগতে এই সময়ছোৱাত পূজা-পাতলো কৰিব নালাগে। গ্ৰহণৰ সময়ত শ্মশানলৈ যাব নালাগে। আনহাতে, এই সময়ছোৱাত নতুন কামৰ শুভাৰম্ভ কৰিব নালাগে। গ্ৰহণৰ সময়ত দৰিদ্ৰ লোকক দান দিব লাগে বুলি একাংশ জ্যোতিষীয়ে পৰামৰ্শ আগবঢ়ায়।

চন্দ্ৰগ্ৰহণ কি?

চন্দ্ৰ গ্ৰহণ হৈছে এক মহাজাগতিক পৰিঘটনা। যেতিয়া পৃথিৱীৰ ছাঁ সম্পূৰ্ণৰূপে চন্দ্ৰৰ ওপৰত পৰে তেতিয়াই চন্দ্ৰগ্ৰহণ হোৱা বুলি কোৱা হয়। এই পৰিঘটনা তেতিয়াই সম্ভৱ হয় যেতিয়া সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ সম্পূৰ্ণৰূপে বা নিকটতম স্থানত একে ৰৈখিক হয়, কেৱল পূৰ্ণিমা তিথিতহে চন্দ্ৰগ্ৰহণ হয়।

Comments (0)
Add Comment