চাৰিওফালে আৱিৰৰে ৰঙীণ হৈ পৰিছে আকাশ-বতাহ । এই ফাকুৱা বা হোলী উৎসৱে কেৱল ৰঙকেই প্ৰতিনিধিত্ব নকৰে সমান্তৰালভাৱে ধৰ্মীয় বিশ্বাস, সামাজিক কাৰক, পাৰিপাশ্বিক কাৰককো অন্তনিৰ্হিত কৰে । ফাকুৱাই দিয়ে মিলন আৰু ভাতৃত্ববোধৰ বাৰ্তা, কিন্তু একাংশই যেন এইসমুহ পৰম্পৰা পাহৰি ৰং, ধেমালি, সুৰা, সু্ন্দৰী আৰু ৰেইন ডান্স আদিতে মচগোল হৈ পৰিছে। ফাকুৱা মানে যেন কেৱল উশৃংখল । বিভিন্ন ঠাইত দেখা পোৱা পৰিলক্ষিত হৈছে যে ফাকুৱাৰ নামত কেৱল বলিউডী ডিজেৰ তালে তালে একাংশ যুৱক-যৱতীৰ, সুৰাৰ ৰাগীত মতলীয়া হৈ নৃত্য পৰিৱেশন কৰা ।
কোনফালে ঢাল খাইছে আমাৰ সংস্কৃতি আৰু একাংশ যুৱক-যুৱতী । হোলীৰ মূল তাৎপৰ্য পাহৰি বাহিৰা সংস্কৃতি গ্ৰহণ কৰি উন্মাদ হোৱাসকলৰ বাবে আমাৰ সংস্কৃতি কোনোবা খিনিত বিলুপ্ত হৈছে নেকি ?
এই ফাকুৱা বা দৌল উৎসৱৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মহত্ব আৰু কৃষ্ণৰ সংস্কৃতিৰ মূল তাৎপৰ্যৰ প্ৰকাশ ঘটে । কৃষ্ণ ভক্তি প্ৰকাশৰ হেতুকে এই উৎসৱ পালন কৰি অহা বুলি জানিব পৰা যায় । উল্লেখ্য যে অসমত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত প্ৰথমে এই উৎসৱৰ আৰম্ভণি কৰিছিল । সেইদৰে বৰপেটা সত্ৰতো মহাপুৰুষজনাৰ দিনাৰ পৰাই আৰম্ভ হৈছিল দৌল উৎসৱ ।
মন কৰিবলগীয়া ফাকুৱাৰ তাৎপৰ্য পাহৰি বলিউডী সংগীত, ডিজেৰ তালে তালে সুৰাৰ ৰাগীত মাতাল হৈ যুৱক-যুৱতীৰ উদ্দাম নৃত্য, ৰেইন ডান্সৰ মাজত যেন তাহানিৰ সেই ফাকুৱা উৎসৱ হেৰাই থাকিল । আধ্যাত্মিক দূৰৰে কথা হোলী উৎসৱৰ সৈতে জড়িত তথা হোলী গীতসমূহো আজিৰ প্ৰজন্মই কিমান শুনিছে তাক লৈ সন্দেহ…
হোলীৰ গীতসমূহে স্থান নোপোৱা হৈছে আধুনিক ফাকুৱাত। একাংশৰ বাবে যেন সুৰাকে ধৰি বিভিন্ন মাদক দ্ৰব্যৰ মুকলি সেৱন, উশৃংখল আচৰণৰহে এই উৎসৱ । উচ্চস্বৰত বলিউডী গান বজাই উদ্দাম নৃত্য কৰাৰ মাজতে এই চামৰ ফাকুৱা কেন্দ্ৰীভূত হৈ আছে।