হোলীৰ আনন্দ উল্লাসৰ মাজতে আজি গুৱাহাটীত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী মেচ। সন্ধিয়া ৭ বজাত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাউণ্ড ২ৰ এই মেচখন।
বিশ্বকাপৰ উপৰি এই খেলখন আগন্তুক এছিয়া কাপৰ বাবেও যোগ্যতা নিৰ্ণয়কাৰী মেচ হিচাপে বিবেচিত হ’ব।
মেচখনৰ এদিন পূৰ্বে অৰ্থাত সোমবাৰে ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক আৰু অধিনায়ক সুনীল চেত্ৰীয়ে সংবাদমেল সম্বোধন কৰি আজিৰ মেচখনক লৈ সাজু আৰু যথেষ্ট আশাবাদী বুলি উল্লেখ কৰে।
ইফালে আলহী দলটোৰ প্ৰশিক্ষক আছলে ৱেষ্ট উদ আৰু অধিনায়ক হাৰুন আমিৰিয়েও আজিৰ মেচখনত তেওঁলোকে ভাৰতৰ বিৰুদ্ধে সকলো উজাৰি দিব বুলি কয়।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২২ মাৰ্চত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৰাউণ্ড ১ৰ মেচখনত ভাৰতে গ’ল শূন্য ড্ৰ’ খেলিছিল। ভাৰতে চাৰি পইণ্টৰ সহায়ত গ্ৰুপ এ’ৰ দ্বিতীয় স্থানত আছে।
যদিহে আজিৰ মেচখনত ভাৰতে আফগানিস্তানক পৰাস্ত কৰিবলৈ সক্ষম হয় তেন্তে পৰৱৰ্তী পৰ্যায়লৈ উন্নীত হোৱাৰ আশা সজীৱ হৈ থাকিব।